গুৱাহাটী বিমানবন্দৰ আডানিক গতাই দিয়া হ'ল নেকি? পঢ়ক আৰু share কৰক Shyamkanu Mahanta, ডাঙৰীয়াৰ ফেচবুক ৱালৰ পৰা
গুৱাহাটী বিমানবন্দৰ আডানিক গতাই দিয়া হ'ল নেকি?
এই কেইদিন প্ৰচাৰ মাধ্যমত চৰ্চিত হৈ পৰিছে গুৱাহাটী বিমানবন্দৰ আডানিক দি দিয়াৰ বিষয়টো। প্ৰকৃততে দেশৰ বিভিন্ন বিমানবন্দৰবোৰ আগতে বিমান বন্দৰ প্ৰাধীকৰণেAAI) চলাই আছিল। বেছিভাগ বিমানবন্দৰৰ অৱস্থাৰ অতি বেয়া আৰু লোকচানত চলাৰ বাবে'পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ'ত ব্যক্তিগত খণ্ডক বিনিয়োগ আৰু পৰিচালনাৰ দায়িত্ব দিয়া হৈছে। প্ৰথম অৱস্থাত দিল্লী বিমানবন্দৰ GMRক গতোৱা হ'ল। বাকী মুম্বাই, আহমদাবাদ, গুৱাহাটীকে ধৰি বহুকেইটা বিমানবন্দৰ আদানীয়ে লাভ কৰিছে। ভাৰত চৰকাৰে আহ্বান কৰা নিবিদাৰ আধাৰত এইদৰে দায়িত্ব দিয়া হৈছে। ব্যক্তিগত খন্ডৰ বিনিয়োগৰে যোৱা কেইবছৰত দিল্লী, মুম্বাই, বেংগালুৰু, হায়দৰাবাদ ইত্যাদি বন্দৰ সমূহ বিশ্বমানৰ হৈছে। তাৰ তুলনাত চৰকাৰে চলোৱা কলিকতা বিমানবন্দৰৰ অৱস্থা বহু বেয়া।
চিংগাপুৰ, হংকঙে সুন্দৰকৈ বিমানবন্দৰ নিৰ্মাণ কৰি বিশ্বৰ ট্ৰেনজিট হাব হল। আজিকালি চীনতো খুব ভাল ভাল বিমানবন্দৰ হ'ল। যাতায়তৰ সুব্যৱস্থা থাকিলে সমগ্ৰ ৰাষ্ট্ৰখনৰে উন্নতি হয়।
এই ধৰণৰ প্ৰকল্পত ব্যক্তিগত খণ্ডই নিজে প্ৰায় ৭৪ শতাংশ পৰ্যন্ত বিনিয়োগ কৰে। তেওঁলোকে বিনিয়োগ কৰি নিজে পৰিচালনা কৰে। গুৱাহাটী বিমানবন্দৰত আদানীয়ে বিনিয়োগ কৰিব আৰু ৫০ বছৰৰ বাবে চলাব। বহুখিনি টকা ব্যয়ৰে এক উচ্চমানৰ বিমানবন্দৰ নিৰ্মাণ হৈ উঠিব। কিন্তু এই বিনিয়োগৰ বাবে যাতায়তৰ ভাড়া বৃদ্ধি নহয়। অথচ বাথৰূম বা যাত্ৰীয়ে অপেক্ষা কৰা ঠাইবোৰ, খোৱা বোৱা, পাৰ্কিং ইত্যাদি সুবিধাজনক কৰা হ'ব। উল্লেখনীয় যে আদানীয়ে এই কামটোৰ নিবিদা অনুসৰি ভাৰত চৰকাৰক প্ৰতিজন অন্তৰ্দেশীয় যাত্ৰীৰ বাবদ ১৬০ টকাকৈ আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ বাবদ ৩২০ টকাকৈ দিব।
এটা কথা হয় যে আমাৰ গুৱাহাটী বিমানবন্দৰৰ নাম সদায় 'গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ' হৈ থাকিব। এইটো কেতিয়াও সলনি কৰা নহ'ব। কিবা কাৰণত সলনিৰ চেষ্টা কৰিলে আমি বাধা দিম।
কিন্তু ব্যক্তিগত খণ্ড মানেই জনতাৰ বিপক্ষে এই কথাটো সচাঁ নহয়। আগতে আমাৰ এটা নেটৱৰ্কৰে যোগাযোগ আছিল, BSNL. যেতিয়াই Airtel, Vodafone, jio আহিল, গ্ৰাহকো লাভান্বিত হ'ল। জনা শুনা মানুহেও এই কথাবোৰেৰে সাধাৰণ জনক ভুলকৈ পৰিচালিত কৰিবলৈ কিছুমান বাৰ্তা দিয়ে।
মই নিশ্চিত যে আদানীৰ পৰিচালনালৈ আহিলে গুৱাহাটী বিমানবন্দৰৰ অৱস্থা নিশ্চয়কৈ বহু পৰিমাণে উন্নত হ'ব। তাৰ ফলত অসম তথা উত্তৰ-পূব লাভান্বিত, বিনিয়োগকাৰী পৰ্য্যটক আহি ভাল পাব। এটা ভাল বিমানবন্দৰ হ'লে বিদেশৰ পৰা উৰাজাহাজ আহিবলৈ সুবিধা হ'ব।
আমি বিচাৰো গুৱাহাটীখন দক্ষিণ-পূব এছিয়াৰ কেন্দ্ৰবিন্দু হৈ পৰক। আৰু তাৰ কাৰণে গুৱাহাটী বিমানবন্দৰৰ অৱস্থা ভাল হোৱাটো অতি প্ৰয়োজনীয়। চৰকাৰে মাত্ৰ চকু দি থকা উচিত যাতে বিমানবন্দৰটো তেওঁলোকে দিয়া আৰ্হি অনুসৰিয়েই হ'ব লাগিব।#Guwahati #awesomeassam
Comments
Post a Comment