নাবালক ছাত্ৰৰ সৈতে পলাই গ’ল টিউচন বাইদেউ! শিক্ষয়িত্ৰীৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ছাত্ৰৰ পিতৃৰ

 নাবালক ছাত্ৰৰ সৈতে পলাই গ’ল টিউচন বাইদেউ! শিক্ষয়িত্ৰীৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ছাত্ৰৰ পিতৃৰ


গুৰু–শিষ্যৰ পৱিত্ৰ সম্পৰ্কত চেকা। হাৰিয়ানাৰ পানীপটত সংঘটিত হ’ল এনে এক ঘটনা। এগৰাকী মহিলা টিউচন শিক্ষয়িত্ৰী আৰু ১৭ বছৰীয়া নাবালক ছাত্ৰ সন্দেহজনক পৰিস্থিতি সন্ধানহীন হৈছে। নাবালক ছাত্ৰজনৰ পিতৃয়ে টিউচন শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে পুত্ৰক অপহৰণ কৰাৰ অভিযোগ কৰি কিলা থানাত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এখ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

             তদন্তকাৰী বিষয়াই কয় যে পিতৃয়ে মহিলা শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি কয় যে তেওঁৰ পুত্ৰক প্ৰায় দুই–তিনি মাহ ধৰি টিউচন কৰি আহিছিল শিক্ষয়িত্ৰীগৰাকীয়ে। আনদিনাৰ দৰে ২৯ মে’ৰ দিনাও দুপৰীয়া ২ বজাত পুত্ৰই টিউচনলৈ গৈছিল, কিন্তু সন্ধিয়ালৈ ঘৰলৈ উভতি অহা নাছিল।

        যেতিয়া পৰিয়ালে পুত্ৰক বিচাৰি মহিলা টিউচন শিক্ষয়িত্ৰীৰ ঘৰলৈ গ’ল তেতিয়া তেওঁৰ পৰিয়ালে কয় যে শিক্ষয়িত্ৰীগৰাকীও ঘৰত নাই। ইয়াৰ পিছতে ছাত্ৰজনৰ পৰিয়ালে থানাত অপহৰণৰ কৰা বুলি এজাহাৰ দাখিল কৰে।

           উল্লেখযোগ্য যে মহিলা টিউচন শিক্ষয়িত্ৰীগৰাকীৰ বয়স ২৫ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব। আনহাতে ছাত্ৰজন ১৭ বছৰীয়া নাবালক। তিনিদিন ধৰি দুয়োৰে ম’বাইল ফোনো বন্ধ। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Comments