ভাৰতৰ পৰা গুৰুকুল নাইকিয়া হ'ল কিয়? কি কি শিক্ষা দিয়া হৈছিল গুৰুকুলত ? ইংলেণ্ডত প্ৰথম স্কুল প্ৰতিষ্ঠা হৈছিল ৫৯৭চনত, যি সময়ত ভাৰতত ৭৩২০০০ গুৰুকুল আছিল ।

ইংলেণ্ডত প্ৰথম স্কুল প্ৰতিষ্ঠা হৈছিল ৫৯৭চনত, যি সময়ত ভাৰতত ৭৩২০০০ গুৰুকুল আছিল । বন্ধুসকল বিচাৰ কৰক এতিয়া গুৰুকুল কেনেকৈ বন্ধ হ'ল❓
         
        ইংলেণ্ডত প্ৰথম স্কুল প্ৰতিষ্ঠা হৈছিল ৫৯৭চনত, যি সময়ত ভাৰতত ৭৩২০০০ গুৰুকুল আছিল । বন্ধুসকল বিচাৰ কৰক এতিয়া গুৰুকুল কেনেকৈ বন্ধ হ'ল
গুৰুকুলৰ বিষয় লৈ আমাৰ বহুত মানুহৰ ভ্ৰম আছে যে ইয়াত কেৱল সংস্কৃতৰহে শিক্ষা দিয়া হৈছিল । সেয়া প্ৰকৃততেই ভুল ধাৰণা । ভাৰতত বিজ্ঞানৰ ২০ প্ৰকাৰতকৈ অধিক শাখা আছিল আৰু সেয়া বিস্তাৰিত তথা সমৃদ্ধ আছিল । তাৰ ভিতৰত প্ৰমুখ বিজ্ঞান আছিল 
১. মহাকাশ শাস্ত্ৰ 
২. নক্ষত্ৰ শাস্ত্ৰ
৩. বৰফ বনোৱাৰ বিজ্ঞান 
৪. ধাতু শাস্ত্ৰ
৫.ৰসায়ণ শাস্ত্ৰ 
৬.স্থাপত্য শাস্ত্ৰ 
৭.বনস্পতি শাস্ত্ৰ 
৮.নৌকা শাস্ত্ৰ 
৯.যন্ত্ৰ শাস্ত্ৰ 
১০. আয়ুবেদ শাস্ত্ৰ আদি । ইয়াৰ অতিৰিক্ত শৌৰ্য(যুদ্ধ) শিক্ষা, নৃত্য কলা আদিও অন্তৰ্ভুক্ত আছিল ।সংস্কৃত ভাষাক মুখ্য মাধ্যম হিচাপে উপনিষদ আৰু বেদৰ শিক্ষা উচ্চ চৰিত্ৰ তথা সংস্কাৰ নিৰ্মাণৰ বাবে ছাত্ৰ সকলক পঢ়োৱা হৈছিল । প্ৰাচীন ভাৰতত সেই সময়ত তক্ষশিলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয়ৰ দৰে উচ্চ শিক্ষাৰ সংস্থান মজুত আছিল । সেইসময়ৰ বৃক্ষ আয়ুবেদ, শুশ্ৰুত সংহিতা, বিমান শাস্ত্ৰ আদি প্ৰাচীন বিজ্ঞান চৰ্চাৰ লক্ষ্যণীয় সফলতাৰ আধাৰ পুথি আছিল ।
                 ভাৰতত বিজ্ঞানৰ ওপৰত ইমান গভীৰ অধ্যয়ণৰ মূল আছিল ভাৰতীয় সকলৰ জিজ্ঞাসা আৰু তাৰ্কিক সক্ষমতা । যি অতিপ্ৰাচীন উৎকৃষ্ট শিক্ষাতন্ত্ৰ তথা আধ্যাত্মিক মূল্যৰ অৱদান আছিল ।
            ভাৰতীয় দেশীয় শিক্ষা ব্যৱস্থাক নষ্ট কৰাৰ উদেশ্যৰেই ১৮৫৮চনত ভাৰতীয় এডুকেচন এক্টৰ ৰূপৰেখা তৈয়াৰ হৈছিল । যাৰ অনুসৰি কনভেণ্ট স্কুল আৰু ইছলামিক মাদ্ৰাছা চলাব পৰা গৈছিল কিন্তু সংস্কৃত ভাষা আৰু সনাতনী গুৰুকুল নিঃশেষ হৈছিল । মেক'লে যোৱাৰ আগত কৈছিল যে ভাৰতক বৰ্বাদ কৰিবলে হ'লে ইয়াৰ সংস্কৃতি তথা ভাৰতীয় শিক্ষাৰ সৰ্বোত্তম সাধন গুৰুকুল নষ্ট কৰিব লাগিব, এই যোজনাৰ ফল স্বৰূপেই ভাৰতৰ ডাঙৰ ডাঙৰ ১০টা ৰাজপৰিয়ালৰ সন্তানক বিদেশী শিক্ষাৰ বাবে বিলাতলৈ পঠোৱা হৈছিল আৰু এওঁলোকৰ আৰম্ভণিৰ পৰা শেষলৈকে বিলাততে শিক্ষা দিয়া হৈছিল । ইয়াৰ এয়াই পৰিণাম হ'ল যে তেওঁলোক যেতিয়া ওভটি দেশলৈ আহিল তেতিয়া দাৰু, মদ, মাংস, মদিৰা, চিগাৰেট, নাচনীৰ লগ ললে আৰু ভাৰতত আহি এয়াই প্ৰচাৰ কৰিলে । কাৰণ এয়াও বিদেশী শিক্ষাৰে ফচল আছিল, তাৰোপৰি ভাৰতীয় সংস্কৃতি আৰু গুৰুজনক বদনাম কৰাৰ লগতে তেওঁলোকৰ সিদ্ধান্ত সমূহ ভুল বুলি কবলৈ ধৰিলে লগতে বিদেশী শিক্ষাৰ প্ৰচাৰ কৰিলে, এয়াই ভাৰতৰ বৰ্বাদীৰ কাৰণ আছিল । ইয়াৰে পৰিণাম আছিল এইসকল বিলাৎ ফেৰৎ ভাৰতীয়ৰ এক সন্তানে দেশৰ প্ৰধানমন্ত্ৰী হৈও হাতৰ পৰা চিগাৰেট এৰা নাছিল । এয়াটো কোনোদিন আমাৰ ভাৰতীয় সংস্কৃতিত নাছিলেই তেন্তে ইয়াক আমি বিলাতী শিক্ষাৰ কামাল বুলি নকৈ আৰু কি কম ?
         স্বাধীনতাৰ পিছৰ কালত বহু ভাৰতীয়ই বিলাতত শিক্ষা লৈ বহু ভাল কাম দেশৰ বাবে কৰিছে, সেয়া অনস্বীকাৰ্য । কিন্তু আমি এয়াও জনা উচিত যে বৃটিছে ভাৰতক গোলাম বনাই ৰাখিবলেকে আমাৰ ফুলে-ফলে জাতিস্কাৰ সনাতনী শিক্ষা পদ্ধতিক মিছনেৰীৰ হাতত দি বৰ্বাদ কৰি দিলে, যাতে প্ৰজন্মৰ পৰা প্ৰজন্ম হিচাপে ভাৰতীয় সকলে গোলামীৰ বাহিৰে আন একো স্বতন্ত্ৰ চিন্তাৰ অৱকাশ নাপায় । সকলোতকৈ দুখৰ কথা যে  ১৯৪৭ৰ পাছটো এই শিক্ষা পদ্ধতিয়ে দেশত চলি থাকিল । যি শিক্ষাই মালিক হোৱাতকৈ অধীন হোৱাৰহে শিক্ষা যেন বেছিকৈ দিয়ে । ভাৰতীয় শিক্ষাৰ আমুল পৰিৱৰ্তন অৱিহনে সঁচা অৰ্থত আমি সক্ষম থাকিও বিশ্বগুৰু হোৱাৰ পৰা যে হত যোজন দূৰত থাকি যাম সেয়া একদমেই নিশ্চিত ।।

This post collection from Facebook posted by সন্দীপ কাশ্যপ

Comments