হোজাইৰ উদালীত এইবাৰ বিপৰীত দৃশ্য। হাতত লাঠি লৈ ৰোগী চালে এজন চিকিৎসকে।

 হোজাইৰ উদালীত এইবাৰ বিপৰীত দৃশ্য।

হাতত লাঠি লৈ ৰোগী চালে এজন চিকিৎসকে।










গুৱাহাটী, ৪ জুন:হোজাইৰ উদালীত চিকিৎসকক প্ৰহাৰ কৰা ঘটনাৰ পাছৰে পৰা সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে।কিন্তু এই ঘটনাৰ পাছৰে পৰা নিজৰ নিৰাপত্তাক লৈ চিন্তিত হৈ পৰিছে একাংশ চিকিৎসক।শেহতীয়া এই ঘটনাৰ পাছত হোজাইৰ উদালীত দেখা পোৱা গ'ল এক আচৰিত দৃশ্য।এইবাৰ হাতত লাঠি লৈ ৰোগী চালে এজন চিকিৎসকে।


হোজাইৰ উদালীত চিকিৎসক সেউজ কুমাৰ সেনাপতিক কৰা আক্ৰমণৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ স্যবস্ত কৰিলে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ শল্য চিকিৎসক দিগন্ত বৰাই।ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ সময়ত চিকিৎসক গৰাকীয়ে হাতত লাঠী লৈ ৰোগীক চিকিৎসা সেৱা কৰিলে।


উল্লেখযোগ্য যে, ডাঃ দিগন্ত বৰাই নিজৰ সুৰক্ষাৰ বাবেহে হাতত লাঠী লৈ চিকিৎসা কৰাৰ সংবাদ মাধ্যমক জনালে।এই দৃশ্য চাই একাংশ লোকে আমোদ লাভ কৰিছে যদিও চিকিত্সকৰ সকল যে নিৰাপত্তাহীনতাত ভোগিছে সেইটো স্পষ্ট হৈ পৰিছে।

Comments